মৰ্মান্তিক! আত্মীয়ৰ ঘৰৰ মৃতকৰ সকামৰ পৰা উভতি অহাৰ পথতে বাছৰ সৈতে মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ সদস্যৰ মৃত্যু

নিউজ ডেস্কঃ আত্মীয়ৰ ঘৰত অনুষ্ঠিত মৃতকৰ সকামৰ পৰা উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪ সদস্যই।

সোমবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ থ্ৰিছুৰত।

জানিব পৰা মতে, পৰিয়ালৰ ৪ সদস্যই এজন মৃত আত্মীয়ৰ সকামত অংশ ল’বলৈ কাঞ্জনীলৈ গৈছিল।

image 154
মৰ্মান্তিক! আত্মীয়ৰ ঘৰৰ মৃতকৰ সকামৰ পৰা উভতি অহাৰ পথতে বাছৰ সৈতে মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ সদস্যৰ মৃত্যু 2

সোমবাৰে পুৱা তেওঁলোকে থ্ৰিছুৰৰ এলথুৰুথৰ ঘৰলৈ উভতি অহাৰ পথতে এৰাভু স্কুলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনখনে এখন বাছত খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাহনখনত থকা চাৰিওজন সদস্যৰ থিতাতে মৃত্যু ঘটে।

নিহত সকলক ভিনচেণ্ট, তেওঁৰ পত্নী মেৰী, ভাতৃ থমাছ আৰু জৰ্জি বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।