বৰদিনৰ আনন্দৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বৰদিনৰ পাৰ্টিলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত হৈ এজন নিহত হোৱাৰ বিপৰীতে আহত হয় ১৫ জনকৈ লোক।
ৰাতাবাৰীৰ ভেটাৰবন্দ গাৰদ পাহাৰলৈ যোৱাৰ সময়তে এখন যাত্ৰীবাহী বলেৰো মেক্সিমো বাহন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।
দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হোৱাৰ বিপৰীতে ১৫ জনকৈ লোক আহত হয়।
লগে লগে অঞ্চলটোৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু তেওঁলোকে আহতসকলক দুল্লবছড়া মডেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জলৈ প্ৰেৰণ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পথটোৰ কাম নিম্নমানৰ হোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তোলে স্থানীয় ৰাইজে।
বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে নিজৰ ইচ্ছামতে নিম্ন মানৰ কাম কৰাৰ বাবেই পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলিও স্থানীয় ৰাইজে অভিযোগ কৰে।









