ভয়ংকৰ পথ দুৰ্ঘটন! তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহীক, থিতাতে নিহত দুই যুৱক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰোহীক।

দুৰ্ঘটনাটোৰ ফত থিতাতে নিহত হয় দুগৰাকী যুৱক।

কাজিৰঙাৰ ৰাজপথত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনটো।

বচাগাঁও নামঘৰৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুই মটৰচাইকেল আৰোহীক মহটিয়াই নিয়ে এখন ট্ৰাকে।

নিহত দুজন কঁহৰাৰ পিলখানাৰ অমিয় দাস, প্ৰিয়ম বৰদলৈ বুলি জানিব পৰা গৈছে।

নিহত অমিয় দাসৰ ঘৰ কঁহৰাৰ পিলখানাত।

আনহাতে প্ৰিয়ম বৰদলৈৰ ঘৰ কাজিৰঙা বচাগঁৱত।