শোকাবহ! ছিৰিয়েলৰ শ্বুটিংস্থলীতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাই ল’লে এই সিদ্ধান্ত, মাত্ৰ কিছুঘণ্টা পূৰ্বে শ্বেয়াৰ কৰিছিল শ্বুটিঙৰ ভিডিঅ’…

নিউজ ডেস্কঃ চিৰিয়েলৰ দৃশ্যগ্ৰহণ কৰি থকাৰ সময়তে শ্বুটিংস্থলীত চৰম পন্থা বাচি ল’লে সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে।

শনিবাৰে বিয়লি শ্বুটিং চেটত চিপ লৈ আত্মহত্যা কেইবাখনো হিন্দী ধাৰাবাহিকৰে দৰ্শকৰ মনত ঠাই দখল কৰা অভিনেত্ৰী তুনিশা শৰ্মাৰ।

image 142
শোকাবহ! ছিৰিয়েলৰ শ্বুটিংস্থলীতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাই ল'লে এই সিদ্ধান্ত, মাত্ৰ কিছুঘণ্টা পূৰ্বে শ্বেয়াৰ কৰিছিল শ্বুটিঙৰ ভিডিঅ’… 4

উল্লেখ্য যে, শেহতীয়াকৈ ছোনী ছাব টিভি যোগে সম্প্ৰচাৰিত হৈ থকা ‘আলিবাবাঃ দাস্তা-এ-কবুল’ নামৰ ধাৰাবাহিকখনেৰে সুপৰিচিত হৈ পৰিছিল তুনিশা শৰ্মা।

এই ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ সময়তে শনিবাৰে আত্মহত্যাৰ পথ বাচি লয় অভিনেত্ৰীগৰাকীয়ে।

image 143
শোকাবহ! ছিৰিয়েলৰ শ্বুটিংস্থলীতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাই ল'লে এই সিদ্ধান্ত, মাত্ৰ কিছুঘণ্টা পূৰ্বে শ্বেয়াৰ কৰিছিল শ্বুটিঙৰ ভিডিঅ’… 5

জানিব পৰা মতে, ধাৰাবাহিকখনৰ এজন সহ অভিনেতাৰ মেক-আপ ৰুমত চিপ লৈ আত্মহত্যা কৰে তুনিশাই।

অৱশ্যে অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

image 144
শোকাবহ! ছিৰিয়েলৰ শ্বুটিংস্থলীতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তুনিশা শৰ্মাই ল'লে এই সিদ্ধান্ত, মাত্ৰ কিছুঘণ্টা পূৰ্বে শ্বেয়াৰ কৰিছিল শ্বুটিঙৰ ভিডিঅ’… 6

আনহাতে জীৱনৰ চৰম সিদ্ধান্ত বাচি লোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে তুনিশাই ছিৰিয়েলখনৰ শ্বুটিঙৰ কিছু দৃশ্য সামাজিক মাধ্যমত পোষ্ট কৰিছিল।