মৰ্মান্তিক! পুত্ৰ শোকত ম্ৰিয়মান মাতৃ, পুত্ৰৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি শেষ নিশ্বাস ত্যাগ মাতৃৰো

নিউজ ডেস্কঃ কোৱা হয়- পুত্ৰ শোকতকৈ ডাঙৰ শোক পিতৃ-মাতৃৰ বাবে আন একো নহয়।

কিন্তু সেই পুত্ৰ শোককে সহিব নোৱাৰি জীৱন নাট সামৰিলে এগৰাকী মাতৃয়েও।

এই শোকাবহ ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ ৰজাবাঁহত।

পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে মৃত্যুৰ কোলাত ঢলি পৰে মাতৃও।

জানিব পৰা মতে, শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৰজাবাঁহৰ ৰঞ্জিত বৰা নামৰ এগৰাকী ৪৭ বৰ্ষীয় ব্যক্তি।

মঙলবাৰে পুৱতি নিশা হাস্পতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ইফালে পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে ৰঞ্জিত বৰাৰ ৭০ বছৰীয়া মাতৃ।

যাৰ ফলত পুত্ৰৰ মৃত্যুৰ মাত্ৰ কিছু সময় পিছতে প্ৰাণত্যাগ কৰে মাতৃয়েও।

এই মৰ্মান্তিক ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ দেৰগাঁৱত।

মাতৃ-পুত্ৰৰ এই কৰুণ মৃত্যুত ব্যথিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।