গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত গুলীচালনাৰ ঘটনা, গুলীবিদ্ধ মিলন দাস নামৰ এজন সাধাৰণ লোক…

গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত গুলীচালনাৰ ঘটনা।

অজ্ঞাত স্থানৰ পৰা অহা এটা গুলীত আঘাতপ্ৰাপ্ত হৈছে এজন সাধাৰণ লোক।

গুলীবিদ্ধ মিলন দাস(৩২) নামৰ এজন সাধাৰণ লোক।

ৰাণী আৰক্ষী থানাৰ সমীপৰ কাৰ্মেল স্কুলৰ সন্মুখত সংঘটিত হৈছে এই ঘটনাটো।

মিলন দাসৰ সোঁহাতত গুলী লাগে।

দাসে সন্তানক বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়।

গুলীবিদ্ধ মিলন দাসক লগে লগে ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। প্ৰয়োজন হ’লে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

এই গুলীৰ উত্‍স আছিল ওচৰতে থকা ফায়েৰিং ৰেঞ্জ। ফায়েৰিং ৰেঞ্জত চলি আছিল ফায়াৰিং। অৱশ্যে এই সন্দৰ্ভত সন্দেহহে কৰা হৈছে।

মিলন দাসৰ ঘৰ ৰাণীৰ তাৰাপতি অঞ্চলত।