অনলাইনত বিক্ৰী ‘এচিড’! আমাজন-ফ্লিপকাৰ্টলৈ জাননী জাৰি কৰি উত্তৰ বিচাৰিলে মহিলা আয়োগে…

নিউজ ডেস্কঃ বুধবাৰে গুজৰাটৰ দ্বাৰকাত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা।

প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ ওপৰত ২ পাষণ্ডই সংঘটিত কৰিছিল এচিড আক্ৰমণৰ ঘটনা।

এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে পোহৰলৈ আহিছিল যে অভিযুক্ত দুজনে অনলাইন শ্বপিং চাইট ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিছিল এই এচিড।

ইয়াৰ পিছতে অনলাইনত এচিড বিক্ৰী কৰা ফ্লিপকাৰ্ট আৰু আমাজনলৈ জাননী জাৰি কৰিলে দিল্লী মহিলা আয়োগে।

আয়োগে ফ্লিপকাৰ্টৰ পৰা প্লেটফৰ্মত “এচিড” বিক্ৰী কৰা বিক্ৰেতাসকলৰ সম্পূৰ্ণ বিৱৰণ বিচাৰিছে।

ইয়াৰ উপৰিও ২০ ডিচেম্বৰৰ ভিতৰত দুয়োটা অনলাইন প্ৰতিষ্ঠানৰ পৰা বিশদ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰিছে মহিলা আয়োগে।

আয়োগে জাৰি কৰা জাননীত কয়, ‘আমাজন আৰু ফ্লিপকাৰ্টৰ দৰে আগশাৰীৰ অনলাইন শ্বপিং প্লেটফৰ্মত এচিড সহজে উপলব্ধ, যিটো অবৈধ। অনলাইন প্লেটফৰ্মত এচিডৰ সহজ উপলব্ধতা এক গুৰুতৰ চিন্তাৰ বিষয় আৰু ইয়াক জৰুৰীভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।’

মহিলা আয়োগে লগতে প্ৰশ্ন কৰে যে অনলাইন প্লেটফৰ্মত সামগ্ৰীটো পোষ্ট কৰিবলৈ অনুমতি দিয়াৰ পূৰ্বে বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰা হৈছিল নেকি আৰু অনলাইনত “এচিড” ক্ৰয় কৰাসকলৰ ফটো আইডি বিচৰা হৈছিল নেকি।

চৰকাৰী নিয়ন্ত্ৰিত সামগ্ৰী বিক্ৰীৰ সন্দৰ্ভত প্লেটফৰ্মসমূহে গ্ৰহণ কৰা নীতি, ৱেবছাইটসমূহত “এচিড” বিক্ৰীৰ অনুমতি দিয়াৰ বাবে দায়বদ্ধ লোকসকলৰ সবিশেষ আৰু তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ সবিশেষো বিচাৰিছে মহিলা আয়োগে।