সুৰাপান কৰি ১০ হাজাৰ টকাৰ জৰিমণা ভৰিবলগা হ’ল কৌতুক অভিনেতা ৰাজীৱ ক্ৰ’ই! কিন্তু ক’ত…

নিউজ ডেস্কঃ সুৰাপান কৰি গাড়ী চলাই ১০ হাজাৰ টকাৰ জৰিমণা ভৰিবলগীয়া হ’ল জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰ’ই।

কাৰ্বি আংলঙত মদ্যপান কৰি গাড়ী চলোৱা অভিনেতাগৰাকীক ৰখোৱা আৰক্ষীৰ সৈতে বাকযুদ্ধতো লিপ্ত হ’ল ৰাজীৱ ক্ৰ’।

তাৰ পিছতে ভৱিষ্যতে সুৰাপান কৰি গাড়ী নচলাও বুলি কথা দিলে অভিনেতাগৰাকীয়ে।

অৱশ্যেই অভিনেতাগৰাকীৰ সৈতে এই ঘটনা সংঘটিত হোৱা নাই বাস্তৱত।

দৰাচলতে কাৰ্বি আংলঙ জিলাত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধৰ স্বাৰ্থত বুধবাৰে ডিফু উপায়ুক্ত কাৰ্যালয়ত জিলা পথ সুৰক্ষা সমিতিয়ে আয়োজন কৰে এক অনুষ্ঠানৰ।

এই অনুষ্ঠানতে পথ সুৰক্ষাৰ সৈতে জড়িত স্বেচ্ছাসেৱী সকলৰ মাজত বিতৰণ কৰা হয় পথ সুৰক্ষা মিত্ৰ কীট।

দুৰ্ঘটনাৰ সময়ত আঘাতপ্ৰাপ্তক যাতে তাৎক্ষণিকভাৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰে, তাৰ বাবেই প্ৰদান কৰা হয় এই পথ সুৰক্ষা মিত্ৰ কীট।

আনহাতে এই অনুষ্ঠানতে পথ সুৰক্ষাৰ ওপৰত এখনি বাটৰ নাট কৰে কৌতুক অভিনেতা ৰাজীৱ ক্ৰ’ আৰু তেওঁৰ সহযোগীয়ে।

য’ত সুৰাপান কৰি গাড়ী চলোৱা এগৰাকী জ্যেষ্ঠ নাগৰিকৰ চৰিত্ৰত অভিনয় কৰে অভিনেতাগৰাকীয়ে।

ধেমালিৰ চলেৰে বাটৰ নাটখনৰ জৰিয়তে পথ সুৰক্ষাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে অভিনেতা ৰাজীৱ ক্ৰ’ আৰু জিলা পথ সুৰক্ষা সমিতিয়ে।