থানা চৌহদৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে গেং অৱ ডেভিলৰ জব্দকৃত বাইক…

ধুবুৰীৰ বিলাসীপাৰাত সন্ত্ৰাস চলোৱা গেং অৱ ডেভিলৰ সদস্যৰ জব্দকৃত দুখন মটৰ চাইকেল জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে।

বিলাসীপাৰা আৰক্ষী থানা চৌহদত সংঘটিত অনাকাংক্ষিত ঘটনাটোৰ সৈতে কোনো ক্ষুব্ধ লোক বা খোদ আৰক্ষীৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, মঙলবাৰে নিশা ধুবুৰী আৰক্ষীয়ে বাইকাৰ্ছ গেংটোৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গ্ৰেপ্তাৰ কৰাৰ ভিতৰত আছিল গেংটোৰ মূল সদস্য যিয়ে এগৰাকী মহিলাক খুন্দিয়াই নিহত কৰা বুলি ছ’চিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰি পাশৱিক আনন্দ লভিছিল।

গ্ৰেপ্তাৰ হোৱা দুজনৰ এজনক আকিৰুল ইছলাম আৰু আনজনক মিনহাজুল কৰিম বুলি চিনাক্ত কৰিছে।

উল্লেখযোগ্য যে, ১০ ডিচেম্বৰৰ সন্ধিয়া বিলাসীপাৰাৰ সূৰ্য্যখাতাত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা, য’ত উদণ্ড যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী বৃদ্ধা।

বৃদ্ধাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ। দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ আছিল AS-17 M1101।

মহিলাগৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ সূৰ্য্যখাতা গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰি থকা অৱস্থাতেই উদণ্ড যুৱকৰ দলটিয়ে নিজকে গেং অৱ ডেভিল বুলি সম্বোধন কৰি সামাজিক মাধ্যমত প’ষ্ট কৰিছিল এক ভিডিঅ’।

‘এজনক মাৰি পেলাই দহ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই অহা হ’ল। গেং অৱ ডেভিলৰ এয়াই পাৱাৰ। আমি এতিয়া পাৰ্টী কৰি আছোঁ’, ভিডিঅ’টোত এইদৰে একপ্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছিল আৰক্ষীক।