অসম

পুনৰ মূল সুঁতিলৈ উভতিল ৩২ জনকৈ NLFB ৰ কেডাৰ…

পুনৰ মূল সুঁতিলৈ উভতিল ৩২ জনকৈ NLFB ৰ কেডাৰ।

অস্ত্ৰ-শস্ত্ৰ সহ এই দলটো আজি ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত উপস্থিত হয়।

প্লেটুন কামাণ্ডাৰ বি হৰফাৰ নেতৃত্বত এই ৩২ জনীয়া দলটো মূলসুঁতি লৈ উভতি অহা বুলি জানিব পৰা গৈছে।

এন এল এফ বিৰ প্ৰতিষ্ঠাপক এম বাথাসহ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আজিৰ এই দলটোক আদৰি আনে।

উল্লেখ্য যে, ২২ জুলাইত এম বাথাসহ সংগঠনটোৰ আন ২২ জন সদস্যই আত্মসমৰ্পণ কৰিছিল।

পৰৱৰ্তী সময়ত আৰু অধিক সদস্য আত্মসমৰ্পণৰ সম্ভাৱনা প্ৰকাশ এম বাথাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *