মৰ্মান্তিক! ভাড়া মাৰিবলৈ গৈ বিগত ১৮ দিনে গাড়ীসহ সন্ধানহীন হৈ আছিল ধেমাজিৰ বিপুল, তাৰ পিছত এনেদৰে উদ্ধাৰ হ’ল মৃতদেহ…

নিউজ ডেস্কঃ এল্ট’ গাড়ীখন লৈ ভাড়া মাৰিবলৈ ওলাই গৈছিল ধেমাজিৰ কেকুঁৰী আহোম গাঁৱৰ বিপুল বুঢ়াগোহাঁইয়ে।

কিন্তু তেতিয়াৰে পৰা বিগত ১৮ দিন ধৰি সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল নৈৰ বুকুৰ পৰা।

গাড়ীসহ বিপুলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকত ভাগি পৰিছে পত্নী তথা পৰিয়াল।

যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰো।

জানিব পৰা মতে, যোৱা ২৩ নৱেম্বৰত অইন দিনৰ দৰেই এএছ ২২এইচ ২৩৫৬ নম্বৰৰ এল্ট’ বাহনখন লৈ ভাড়া মাৰিবলৈ ওলাই গৈছিল কেকুৰী আহোম গাঁৱৰ বিপুল বৰগোহাঁইয়ে।

কিন্তু নিশালৈকে যুৱকজন ঘৰলৈ উভতি নহাত পত্নীয়ে ফোন কৰাত কিবা অসুবিধা হোৱাৰ কথা কৈছিল।

কিন্তু তাৰ পিছতে বিপুলৰ মোবাইল চুইটছ অফ অহাত চিন্তাত পৰে পৰিয়াল।

পৰৱৰ্তী সময়ত বিপুলৰ সন্ধানহীনক লৈ পৰিয়ালে আৰক্ষীক কাষ চপাত আৰক্ষীয়েও যুৱকজনৰ সন্ধান বিচাৰি অভিযান চলায়।

তাৰ পিছতে শনিবাৰে বঙালমাৰী ঘাটত পানীত ডুব গৈ থকা অৱস্থাত গাড়ীসহ উদ্ধাৰ হয় বিপুলৰ মৃতদেহ।

এছডিআৰএফ বাহিনীয়ে অভিযান চলাই পানীৰ বুকুৰ পৰা গাড়ীখনৰ লগতে বিপুলৰ মৃতদেহটো উদ্ধাৰ কৰে।

ইফালে যুৱকজনৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।

এয়া এক পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালে।