গাত মাহ-হালধী সানিবলৈ সাজু সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী সভাপতি দীপাংক কুমাৰ নাথ।
১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব আছুৰ প্ৰাক্তন সভাপতি গৰাকীয়ে।
ইতিমধ্যেই বিয়াৰ বাবে দীপাংক কুমাৰ নাথৰ গোৱালপাৰাৰ বাকাইটাৰীতস্থিত ঘৰৰ চোতালত পুতিছে ৰভাৰ খুটা।
জানিব পৰা মতে, পিতৃ-মাতৃৰ হেঁচাত বিয়াত বহিবলৈ সাজু হৈছে দীপাংক কুমাৰ নাথ।
গুৱাহাটীৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব আছুৰ সদ্য পদত্যাগী সভাপতি গৰাকী।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপিকা ৰূপা হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব নাথে।
জানিব পৰা মতে অধ্যাপিকা গৰাকীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেম আছিল আছুৰ প্ৰাক্তন নেতা গৰাকীৰ।









