ৰহস্যজনক! বহিঃৰাজ্যৰ পৰা উভতি অহাৰ পথত সন্ধানহীন প্ৰেম উপাধ্যায়, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

বহিঃৰাজ্যৰ পৰা উভতি অহাৰ পথত সন্ধানহীন এগৰাকী যুৱক, পৰিয়ালত হাহাকাৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাট চুতিয়াম গাঁৱৰ ৩০ বছৰীয়া যুৱক প্ৰেম উপাধ্যায় সন্ধানহীন।

জানিব পৰা মতে, পৰশুৰাম উপাধ্যায় আৰু ৰাধিকা দেৱীৰ পুত্ৰ সন্তান প্ৰেম উপাধ্যায়ৰ যোৱা ৬ ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা যোৱা ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী হৈ বালিপাৰালৈ ৰে’লেৰে যাত্ৰা আৰম্ভ কৰা প্ৰেম উপাধ্যায় গুৱাহাটী আহি পালে ঠিকেই কিন্তু গুৱাহাটীৰ পৰা বালিপৰা আহি থকাৰ পথতে সন্ধানহীন হয় যুৱকজন।

ইফালে প্ৰেম উপাধ্যায়ৰ ম’বাইলো বন্ধ হৈ থকাৰ ফলত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

যদি কোনো ব্যক্তিয়ে প্ৰেম উপাধ্যায়ৰ সন্ধান পাই তেন্তে ৯১০১১-৪১৯৭৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।