আজৱ কাণ্ড! বিজেপি সাংসদ ৰবি কিষাণৰ আছে ৪ সন্তান, দোষ কাৰ? ক’লে- কংগ্ৰেছৰ…

নিউজ ডেস্কঃ দেশৰ সকলো সমস্যাৰ বাবেই দায়ী কংগ্ৰেছ আৰু প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু!

মূল্যবৃদ্ধি, মুদ্ৰাস্ফিতী, অৰ্থৈনিতক মন্দাৱস্থা, নিবনুৱা সমস্যা আদি সকলো সমস্যাৰ বাবেই বৰ্তমান কেন্দ্ৰৰ বিজেপি চৰকাৰে কংগ্ৰেছ অথবা কংগ্ৰেছী প্ৰধানমন্ত্ৰীক দোষ দিয়া পৰিলক্ষিত হয়।

কিন্তু এই চৰম সীমা তেতিয়া উলংঘন হয়, যেতিয়া জনতাই নিৰ্বাচিত কৰি পঠিওৱা এগৰাকী সাংসদে নিজৰ ৪টা সন্তানৰ বাবেও কংগ্ৰেছকে দোষাৰোপ কৰে।

অদ্ভূত যেন লাগিলেও এয়াই অৱশেষত ঘটিল!

ভোজপুৰী অভিনেতা তথা বিজেপি সাংসদ ৰবি কিষাণৰ মতে, তেওঁৰ ৪ সন্তানৰ বাবে জগৰীয়া মাথো কংগ্ৰেছ আৰু কংগ্ৰেছ!

শেহতীয়াকৈ বিজেপি সাংসদজনে দাবী কৰা মতে, কংগ্ৰেছ চৰকাৰৰ দিনত জনসংখ্যা নিয়ন্ত্ৰণ আইন নথকাৰ বাবেই তেওঁ আজি চাৰি সন্তানৰ পিতৃ।

ৰবি কিষাণৰ ভাষাত- ‘যদি কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আইন প্ৰস্তুত কৰিলেহেঁতেন, তেন্তে মোৰ চাৰিটা সন্তান নাথাকিলহেঁতেন। যেতিয়া মই চাৰিটা শিশুৰ কথা ভাৱো তেতিয়া মই দুখ অনুভৱ কৰোঁ।’

শুকুৰবাৰে সংসদত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ বাবে এখন বিধেয়ক উত্থাপন কৰি এইদৰে তেওঁৰ ৪ সন্তানৰ বাবে দোষ দিলে কংগ্ৰেছক।

হকে-বিহকে কথা কৈ চৰ্চাত থকা এইগৰাকী বিজেপিৰ অল্পজ্ঞানী সংসদৰ এই মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশজুৰি।