ঐনক্যৰ মাজত ঐক্য! শিৱসাগৰত নামঘৰ প্ৰতিষ্ঠাৰ বাবে ভূমি দান কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমানে…

নিউজ ডেস্কঃ যি সময়ত জাতি-ধৰ্মৰ ৰাজনীতিয়ে সাধাৰণ জনতাৰ মাজত ঘৃণাৰ বিষবাষ্প চটিয়াইছে সেই সময়তে একাংশ ভাৰতবাসীয়ে দেখুৱাই আহিছে ভাতৃত্ববোধৰ অনন্য নিদৰ্শন।

এইবাৰ তেনে এক নিদৰ্শনেই দাঙি ধৰিলে অসমৰ শিৱসাগৰ জিলাৰ এগৰাকী মুছলমান ব্যক্তিয়ে।

হিন্দু সমাজৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে এগৰাকী মুছলমান ব্যক্তি আৰু তেওঁৰ পৰিয়ালে ভূমি দান কৰাৰ ঘটনাই এতিয়া পুনৰুজ্জীৱিত কৰিছে মানুহৰ একতাক।

ঐক্য আৰু সম্প্ৰীতিৰ পীঠস্থান হিচাপে পৰিচিত শিৱসাগৰৰ ঐতিহাসিক মেটেকা আমগুৰি গাঁও নিৱাসী তথা সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নামঘৰ প্ৰতিষ্ঠাৰ বাবে দান কৰে ভূমি।

2 1
ঐনক্যৰ মাজত ঐক্য! শিৱসাগৰত নামঘৰ প্ৰতিষ্ঠাৰ বাবে ভূমি দান কৰি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে এগৰাকী মুছলমানে… 2

উল্লেখ্য যে, খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হোৱাৰ লগতে জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

তেওঁ ঐতিহাসিক মেটেকা সেউজ নগৰবাসীৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰি প্ৰদান কৰা ভূমিত শুকুৰবাৰে আড়ম্বৰপূৰ্ণভাৱে নামঘৰৰ লাইখুঁটা স্থাপন কৰে ৰাইজে।

সম্প্ৰীতিৰ বাৰ্তা দি এনেদৰে হিন্দু সমাজৰ ইশ্বৰ আৰাধনাৰ বাবে এগৰাকী মুছলমান ব্যক্তিয়ে ভূমি দান কৰা কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।

লগতে খলিলুৰ ৰহমান হাজৰিকাৰ কাৰ্যক কৃতজ্ঞতাও জ্ঞাপন কৰিছে শিৱসাগৰবাসী ৰাইজে।