দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য কমঃ হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই পেট্ৰ’ল-ডিজেলৰ মূল্য ৰাজ্যত যদিও উৰ্ধগামী হৈছে তথাপি দেশৰ অন্য ৰাজ্যৰ তুলনাত কম হৈ আছে বুলি কয়।

ইপিনে, অসম চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত পূৰ্বে ৰাজ্যৰ কৰ পাঁচ টকা ৰেহাই দিছিল আৰু সেই কৰ এতিয়াও প্ৰৱৰ্তন কৰা হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

যাৰ বাবে অন্য ৰাজ্যৰ তুলনাত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য কিছু কম হৈ আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই আন্তঃৰাষ্ট্ৰীয় তেলৰ বজাৰৰ মূল্যৰ লগত সামঞ্জস্য ৰাখি চৰকাৰে শীঘ্ৰে দেশৰ জনসাধাৰণৰ সকাহ হোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়।

Leave a Comment