গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান…

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান।

দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সিন্ধুৱে সুন্দৰ পিচাইক এই সন্মান প্ৰদান কৰে।

image 8
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান... 3

উল্লেখ্য যে, দেশৰ ৭৩তম গণৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

চলিত বৰ্ষৰ যোৱা ২ ডিছেম্বৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান।

ইপিনে পদ্ম ভূষণ সন্মান গ্ৰহণ কৰি সুন্দৰ পিছায়ে কয় যে, ভাৰত বৰ্ষ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ প্ৰতি মূহুৰ্তত তেখেত ভাৰতবাসীক কঢ়িয়াই ফুৰিব নিজৰ অন্তৰত।

image 9
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান... 4

লগতে এই সন্মানৰ বাবে ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে।