নিউজ ডেস্কঃ সুদখোৰ মুছলমানৰ জানাজাত অংশগ্ৰহণ নকৰে এখন গাঁৱৰ ৰাইজে।
ইছলাম ধৰ্ম মতে সুদ লোৱাটো এক হাৰাম বুলি উল্লেখ কৰে এই সিদ্ধান্ত গ্ৰহণ কৰিলে নগাঁও জিলাৰ জুৰীয়াৰ কলনী জলাহ আঞ্চলিক কবৰস্থান আৰু ঈদগাহ সমিতিয়ে।
এই কবৰ স্থানৰ ভিতৰত সুদখোৰ মুছলমানক কবৰ দিয়া নহয় বুলি স্পষ্ট কৰি দি ঈদগাহ সমিতিয়ে কয় যে সুদখোৰ সকলে দুখীয়াৰ তেজ পিয়ে। এয়া মুছলমানৰ বাবে হাৰাম।
সেয়ে কোনো সুদখোৰ মুছলমানৰ মৃত্যুৰ পিছৰ জানাজাত অংশ নল’বলৈ স্থানীয় বাসীক আহ্বান জনায় ঈদগাহ সমিতিয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কলনী জলাহ আঞ্চলিক কবৰস্থান আৰু ঈদগাদ সমিতিয়ে ড্ৰাগছ আসক্ত লোকক কবৰ নিদিয়াৰ সিদ্ধান্ত লৈছিল।









