অসমীয়াঅসম

সফলতাৰে সম্পন্ন আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ, তাৰ পিছতে চিকিৎসকক ধন্যবাদ জনালে শিক্ষামন্ত্ৰীয়ে…

নিউজ ডেস্কঃ অৱশেষত সফলতাৰে সম্পন্ন হ’ল আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

বৃহস্পতিবাৰে পুৱা ১০ বজাত ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত বিশেষজ্ঞ চিকিৎসকে সম্পন্ন কৰে আনন্দ শৰ্মাৰ দেহৰ জটিল অস্ত্ৰোপচাৰ।

আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসক ডা০ অনিল পান্নালাল, ডা০ নিৰ্মল চেহৱালৰ দৰে বিশেষজ্ঞ চিকিৎসকে।

image 4

ইফালে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতে চিকিৎসকক ধন্যবাদ জনায় ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ৰেগিঙৰ পৰা হাত সাৰিবলৈ দুমহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন।

image 5

তাৰ পিছতে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ শাৰীৰিক জটিলতাৰ বাবে বহিঃৰাজ্যলৈ নিয়াটো সম্ভৱ হোৱা নাছিল।

যাৰ বাবে ডিব্ৰুগড়তে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় ছাত্ৰজনৰ জটিল অস্ত্ৰোপচাৰ।

ইফালে আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে কুৰিৰো অধিক ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা হৈছে।