আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ।
দিল্লীলৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ বাবে ডিব্ৰুগড়তে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অস্ত্ৰোপচাৰ সম্পন হ’ব আনন্দৰ।
আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব বুলি ইতিমধ্যেই সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি-বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। যাৰ ফলত শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।









