এতিয়াৰে পৰা সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত নেদেখিব ৰংমনক…

এতিয়াৰে পৰা সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত নেদেখিব ৰংমনক।

পথ উন্নয়নৰ অজুহাতত আঁতৰাই দিয়া হ’ল সৰুসজাই ষ্টেডিয়ামৰ মুখ্যদ্বাৰত থকা ৰংমনক।

২০০৭ চনৰ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক তেতিয়াই ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে স্থাপন কৰিছিল।

এতিয়া ১৬ বছৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা আঁতৰাই দিয়া হ’ল গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক।

যিটো কথাক লৈ ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে পথ বহলোৱাৰ অজুহাতত ৰংমনক তাৰ পৰা আঁতৰাই ষ্টেডিয়ামৰ পিছফালে স্থাপন কৰিব।