শোকাৱহ! ৰাজ্যত পুনৰ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু…

ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু।

এইবাৰ মাৰ্ঘেৰিটাত বন্যহস্তীৰ ৰহস্যজনক মৃত্যকলৈ তীব্ৰ চাঞ্চল্য।

মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত পেঙেৰীত নিশা এটি বনৰীয়া হাতী অস্বাভাৱিক মৃত্যুকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

খাটাংপানী খণ্ড বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত পেঙেৰী গোঁহাই পথাৰত উদ্ধাৰ হয় মৃত বন্যহস্তীটো।

বুঢ়ীদিহীং বনাঞ্চলৰ পৰা খাদ্য সন্ধানত উলাই অহা বন্যহস্তীটো কেনেকৈ মৃত্যু হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

বন বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হৈ মৃত বন্যহস্তীটো উদ্ধাৰ কৰা লগতে মৃত হাতীটোৰ মৰোনোত্তৰ পৰীক্ষা ব্যৱস্থা কৰিছে।

মৰোনোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ পিছতহে বন্যহস্তীটোৰ মৃত্যৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।