মৰ্মান্তিক! ভুল দিশেৰে অহা ট্ৰাকৰ সৈতে সংঘৰ্ষ যাত্ৰীবাহী বাছৰ, ৬ জনৰ মৃত্যু

নিউজ ডেস্কঃ ভুল দিশেৰে অহা ট্ৰাকৰ সৈতে এখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ১৫ জন।

বুধবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বাহৰেইচৰ টাপ্পে চিপাহ অঞ্চলৰ ৰোডৱেজত।

জানিব পৰা মতে, পুৱা প্ৰায় ৪.৩০ বজাত যাত্ৰীবাহী বাছখনে ভুল দিশেৰে অহা এখন ট্ৰাকত খুন্দা মাৰি বাগৰি পৰে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে প্ৰাণ হেৰুৱায় ৬ জনে।

আহত আন ১৫ জনৰ দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলক উপযুক্ত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিছে।