Byju’s য়ে বন্ধ কৰিলে শ্বাহৰুখ খানৰ সকলো বিজ্ঞাপন…

সমস্যাই যেন ল’গ নেৰা হৈছে বলীউড কিং শ্বাহৰুখ খানক।

ক্ৰুজ ড্ৰাগছৰ গোচৰত অভিযুক্ত পুত্ৰ আৰিয়ান খানৰ মুক্তিৰ বাবে চেষ্টা কৰি থকা শ্বাহৰুখ খানৰ বাবে আন এক বেয়া খবৰ।

আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান Byju’s য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সৈতে কৰা সকলো বিজ্ঞাপন।

২০১৭ চনৰ পৰা শ্বাহৰুখ Byju’s ৰ ব্ৰেণ্ড এম্বেছেদৰ হৈ আছে৷

শ্বাহৰুখৰ অন্যতম ডাঙৰ চুক্তি সমূহৰ ভিতৰত Byju’s ৰ চুক্তি অন্যতম৷

অৱশ্যে আইচিআইচিআই বেংক, ৰিলায়েন্স জিঅ’, হুণ্ডাই, এল জি আৰু ডুবাই পৰ্যটনৰ বিজ্ঞাপন আদিতো শ্বাহৰুখ জড়িত আছে।

উল্লেখ্য যে, ২ অক্টোবৰৰ নিশা এনচিবিয়ে মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত চলি থকা ড্ৰাগছ পাৰ্টিৰ সন্দৰ্ভত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানকে ধৰি সাতজন লোকক আটক কৰিছিল।

সম্প্ৰতি শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানক মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা হৈছে।

Leave a Comment