শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু পৰিচালক সুখদীপ সিং সুখীৰ…

নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় পঞ্জাৱী ছবি পৰিচালক সুখদীপ সিং সুখীয়ে।

জানিব পৰা মতে, বুধবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল পৰিচালকগৰাকী।

তৰ পিছতে তেওঁক জোহল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে পুৱতি নিশা সুখদীপ সিং সুখীৰ মৃত্যু ঘটে।

image 156
শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু পৰিচালক সুখদীপ সিং সুখীৰ… 2

২০১৮ চনৰ সফল পঞ্জাৱী ছবি ইস্ক না হোৱে ৰাব্বাৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা সুখদীপে ২০২০ চনত বিকানেৰী ফেম নামৰ আন এখন ছবিৰ পৰিচালনা কৰিছিল।

এগৰাকী ৰেডিঅ’ জকী হিচাপেও সুপৰিচিত সুখদীপ সিং সুখীয়ে পৰিচালনা কৰিছিল কেইবাটাও মিউজিক ভিডিঅ’ও।

যুৱ পৰিচালকগৰাকীৰ এই দুৰ্ভাগ্যজনক মৃত্যুৱে শোকৰ ছাঁ পেলাইছে পঞ্জাৱী ছবি জগতত।