ভয়ংকৰ! দুজোপা পাইন গছৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল ৫ বন্ধুৰ, ঘণ্টা ধৰি যুঁজি থাকিল জীৱন-মৃত্যুৰ সৈতে…

নিউজ ডেস্কঃ দুডাল পাইন গছৰ বাবেই কথমপি প্ৰাণ ৰক্ষা পৰিল ৫ বন্ধুৰ!

৫ বন্ধুৱে একেলগে যাত্ৰা কৰা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাৰ সময়ত এডাল পাইন গছত বাহনখন আৱদ্ধ হৈ এঘণ্টাৰো অধিক সময় জীৱন-মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হ’ল ৫ বন্ধুৱে।

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আটাই কেইজন যুৱককে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

image 154
ভয়ংকৰ! দুজোপা পাইন গছৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল ৫ বন্ধুৰ, ঘণ্টা ধৰি যুঁজি থাকিল জীৱন-মৃত্যুৰ সৈতে… 3

আহত দুজন যুৱকৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত।

জানিব পৰা মতে, ৰুদ্ৰপ্ৰয়াগৰ তাডাং গাঁৱৰ নিৱাসী মনজিৎ সিং (২৩) নামৰ যুৱকজনে কিছুদিন পূৰ্বে ক্ৰয় কৰিছিল এখন চাৰিচকীয়া বাহন।

বুধবাৰে যুৱকজনে তেওঁৰ আন ৪ বন্ধুৰ সৈতে গাড়ী চলাবলৈ শিকি ৰুদ্ৰপ্ৰয়াগত উপস্থিত হয়।

image 155
ভয়ংকৰ! দুজোপা পাইন গছৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল ৫ বন্ধুৰ, ঘণ্টা ধৰি যুঁজি থাকিল জীৱন-মৃত্যুৰ সৈতে… 4

তাৰ পৰা তেওঁলোকে উভতি অহাৰ পথতে থালাছুৰ সমীপত নিশা প্ৰায় ১২.৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ খাৱৈত বাগৰি পৰে।

কিন্তু সৌভাগ্যবশতঃ বাহনখন বাগৰি যোৱাৰ সময়তে দুজোপা পাইন গছত গাড়ীখন আৱদ্ধ হৈ পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে আটাই কেইজন বন্ধুৰ।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ডিডিআৰএফ আৰু এছডিআৰএফৰ জোৱানৰ সৈতে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱৰে সেই স্থানত উপস্থিত হয়।

দলটোৱে প্ৰথমে ৰছীৰ সহায়ত গছত আবদ্ধ হৈ থকা গাড়ীখন সুৰক্ষিত কৰে।

ইয়াৰ পিছতে অৰবিন্দ নেগী (৩৫), পংকজ নেগী (২২), অমন, মঞ্জিত আৰু ৰাহুল নেগী (২৫)ক গাড়ীৰ পৰা উলিয়াই জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ভাৰপ্ৰাপ্ত মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ বদোনিয়ে জনোৱা মতে, অৰবিন্দ নেগী আৰু মঞ্জিতক মূৰৰ গভীৰ আঘাত আৰু হাত ভাঙি যোৱাৰ বাবে বেছ হস্পিতাল শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছে। বাকী সকলোকে প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়া হয়।