হঠাৎ অসুস্থ দক্ষিণৰ তাৰকা কমল হাছান, হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ হঠাৎ অসুস্থ হৈ পৰা দক্ষিণৰ তাৰকা অভিনেতা কমল হাছানক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

বুধবাৰে নিশা হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ ভৰ্তি কৰা হয় চেন্নাইৰ এখন চিকিৎসালয়ত।

জানিব পৰা মতে, যোৱা ২৩ নৱেম্বৰৰ পৰাই জ্বৰত আক্ৰান্ত হৈ আছিল চুপাৰষ্টাৰ গৰাকী।

কিন্তু বুধবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্য অধিক দুৰ্বল হৈ পৰে। যাৰ ফলত অভিনেতাগৰাকীক হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়।

আনহাতে জনপ্ৰিয় তাৰকা অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

অৱশ্যে চিকিৎসকে জানিবলৈ দিয়া মতে, বৰ্তমান সুস্থিৰ হৈ আছে কমল হাছানৰ স্বাস্থ্য।

উল্লেখ্য যে, নিজৰ অভিনয় দক্ষতাৰে দক্ষিণৰ লগতে বলিউডতো খ্যাতি অৰ্জন কৰা কমল হাছান বৰ্তমান কেইবাখনো ছবিৰ শ্বুটিঙৰ লগতে বিগ বছ তামিল ছিজন ৬ৰ শ্বুটিঙত ব্যস্ত হৈ আছে।