অসমৰ পৰিৱেশ কৰ্মী, হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সন্মান…

অসমৰ পৰিৱেশ কৰ্মী, হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সন্মান।

ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান- ‘চেম্পিয়ন অফ দ্যা আৰ্থ-২০২২’।

উল্লেখ্য যে, পূৰ্ণিমা দেৱী বৰ্মনে বিশ্বজুৰি বিপদাপন্ন প্ৰজাতি হাড়গিলাৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

যাৰ বাবে তেওঁক হাড়গিলা বাইদেউ নামেৰে বিখ্যাত।

ড০ পূৰ্ণিমা দেৱী বৰ্মনে ইতিমধ্যে ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা, ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।

ড০ পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত।