লজ্জাজনক! বিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে ১০ দিন ধৰি যৌন নিৰ্যাতন ১৪ বছৰীয়া ছাত্ৰীক, গ্ৰেপ্তাৰ অভিযুক্ত কৰ্মচাৰী…

নিউজ ডেস্কঃ হোষ্টেলৰ ভিতৰতে বিগত ১০ দিন ধৰি এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল হোষ্টেলৰ এজন কৰ্মচাৰীক।

এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ কাঞ্চনপুৰত।

জানিব পৰা মতে, ছেইণ্ট পিটাৰ স্কুলৰ হোষ্টেলৰ ভিতৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ দহ দিন ধৰি বলাৎকাৰ কৰিছিল হোষ্টেলখনৰ এজন লম্পট কৰ্মচাৰীয়ে।

ইফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ অভিভাৱকে কাঞ্চনপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে উদয় ৰাম ৰেয়াং নামৰ অভিযুক্ত কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ (২), ৫০৬ আৰু যৌন অপৰাধৰ শিশু সুৰক্ষা আইনখনৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।