জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, এনকাউণ্টাৰত নিহত লস্কৰ-ঈ-তৈবাৰ সদস্য…

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ।

শ্ৰীনগৰৰ এখন স্কুলত অধ্যক্ষ সহ দুই শিক্ষকক হত্যা কৰাৰ পিছত এইবাৰ নাতিপুৰত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।

শ্ৰীনগৰ আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা হয় বুলি জানিব পৰা গৈছে।

অৱশ্যে আৰক্ষীৰ গুলীত নিহত হয় এটা লস্কৰ-ঈ-তৈবাৰ সন্ত্ৰাসবাদী।

শ্ৰীনগৰ আৰক্ষীৰ সূত্ৰ অনুসৰি, এখন হোটেলৰ কাষত শ্ৰীনগৰ আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।

ইপিনে আৰক্ষীৰ গুলীত এক সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে আন এজন সন্ত্ৰাসবাদী সদস্য পলায়ন কৰে।

আৰক্ষীয়ে ইতিমধ্যে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি জনায় যে, “শ্ৰী নগৰ আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। আৰক্ষীয়ে লগে লগে প্ৰত্যাক্ৰমণ কৰে। এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী সদস্যক নিহত হয়। আন এজন পলাই যায়। বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।

নিহত সন্ত্ৰাসবাদীটোক আকিব বাচিৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ শ্বপিয়ানৰ বাসিন্দা। কিছুদিন পূৰ্বে তেওঁ যোগদান কৰিছিল লস্কৰ-ঈ-তৈবাত।

Leave a Comment