কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি…

দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।

ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইন্দোৰত উপস্থিত হয় কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী।

ইয়াৰ মাজতে কংগ্রেছ নেতা ৰাহুল গান্ধীক লৈ উঠিছে হত্যাৰ ভাবুকি।

যাৰ লৈ এতিয়া তৎপৰ হৈ পৰিছে ইন্দোৰৰ জুনি আৰক্ষী।

জানিব পৰা মতে, এখন মিঠাইৰ দোকানত পোৱা গৈছে এখন চিঠি। য’ত ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে।

পত্ৰখনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক বোমাৰে উৰুৱাবলৈ ভাবুকি প্ৰদান কৰা হৈছে।

ইতিমধ্যে আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই তদন্ত অব্যাহত ৰাখিছে।