বনকৰ্মীৰ গুলীত নিহত চোৰাং কাঠ ব্যবসায়ী, দীৰ্ঘদিনে চলাই আহিছিল বন ধ্বংসযজ্ঞ…

বনকৰ্মীৰ গুলীত নিহত চোৰাং কাঠ ব্যবসায়ী

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত বনতহলদাৰীৰ গুলীত নিহত হৈছে চোৰাং কাঠ ব্যবসায়ী।

বনাঞ্চলখনত কৰ্মৰত বনকৰ্মীৰ গুলীত নিহত হৈছে চোৰাং কাঠ ব্যবসায়ীজন।

বৰ্তমানেও সন্ধানহী হৈ আছে আন কেইবাজনো লোক।

মৃত লোকজন ওদালগুৰিৰ নোনাইপাৰা চাহবাগিচাৰ ৰামসিং গৌৰ বুলি জানিব পৰা গৈছে।

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত নৈনৈ ৰেঞ্জৰ অন্তৰভাগত সংঘটিত হয় এই ঘটনা।

জানিব পৰামতে, বুধবাৰে দুপৰীয়া নিয়মীয়া তহলত যোৱা বন কৰ্মীৰ দলে বনাঞ্চলখনৰ গভীৰত এটা দলে মূল্যৱান গছ কাটি থকা প্ৰত্যক্ষ কৰি গুলী চালনা কৰে।

গুলীচালনাৰ পিছত দলটো গভীৰ বনাঞ্চলখনত অন্তৰ্ধ্যান হয়।

সন্ধিয়া সন্দেহবশতঃ বন বিষয়া নেত্ৰকমল শইকীয়া আৰু পানেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী, এছ এছ বি আৰু বন কৰ্মীৰ এটা দলে ঘটনাস্থলীত তালাচী চলোৱাত মূমুৰ্ষ অৱস্থাত এজন লোক পৰি থকা প্ৰত্যক্ষ কৰি লোকজনক উদ্ধাৰ কৰি চিকিৎসলয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

আনহাতে বৰ্তমানেও শুক্ৰা বাগ্লা আৰু বিজয় কয়া নামৰ আন দুজন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।