শোকাবহ! গাড়ীৰ সন্মুখত হঠাৎ উপস্থিত হোৱা বন্যজন্তুক বচাবলৈ গৈ দুৰ্ঘটনাত কৰুণ মৃত্যু চিকিৎসক ৰাকেশ আৰু বক্সাৰ সতীশৰ…

নিউজ ডেস্কঃ জংঘলৰ মাজৰ পৰা অকস্মাত ওলাই অহা জন্তুক বচাবলৈ যাওতেই দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী চিকিৎসক আৰু এগৰাকী প্ৰতিভাসম্পন্ন বক্সাৰে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ হিছাৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ-৯ৰ গড়ী গাঁৱত।

দেওবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটা যুৱক দুজনৰ পৰিচয় হাৰিয়ানাৰ উমৰাৰ নিৱাসী ডা০ ৰাকেশ কুমাৰ (৩৩) আৰু সতীশ কুমাৰ (২৫) বুলি জানিব পৰা গৈছে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে।

hissar
শোকাবহ! গাড়ীৰ সন্মুখত হঠাৎ উপস্থিত হোৱা বন্যজন্তুক বচাবলৈ গৈ দুৰ্ঘটনাত কৰুণ মৃত্যু চিকিৎসক ৰাকেশ আৰু বক্সাৰ সতীশৰ… 2

বাছ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ কুমাৰে জানিবলৈ দিয়া মতে, পেছাত চিকিৎসক ৰাকেশ কুমাৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ সতীশ কুমাৰে দেওবাৰে নিশা এজন বন্ধুক লগ কৰিবলৈ ছোৰখী গাঁৱলৈ গৈ আছিল।

সেই সময়তে গড়ী গাঁৱৰ সমীপত তেওঁলোকৰ সন্মুখত জংঘলৰ মাজৰ পৰা হঠাৎ এটা বন্যজন্তু উপস্থিত হোৱাত জন্তুটোক বচাবলৈ ব্ৰেক লগাওতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা ২০ ফুট দূৰত থকা এটা দ নলাত বাগৰি পৰাৰ ফলত দুয়োজন যুৱকৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

একেখন গাঁৱৰে দুজন যুৱকৰ কৰুণ মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীক।