মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
মহানগৰীত মাৰণাস্ত্ৰ দেখুৱাই মণিপুৰৰ ২ মহিলাৰ পৰা কাঢ়ি নিলে ৩ লাখ টকা।
মণিপুৰৰ পৰা গাড়ী কিনাৰ উদ্দেশ্যৰে গুৱাহাটীলৈ অহা দুই মণিপুৰী মহিলাক জালুকবাৰীত মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ৩ লাখ টকা।
২ দিন পূৰ্বে ফোনত কথা পাতি পুৰণি গাড়ী কিনাৰ নামত ইম্ফলৰ পৰা গুৱাহাটীলৈ আহিছিল দুই মহিলা।
ভুক্তভোগী মহিলা দুগৰাকী যশোদা পৌডাল আৰু যশোদা বাছনেট বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, পল্টন বজাৰ ষ্টেচনৰ পৰা গাড়ী দেখুওৱাৰ উদ্দেশ্যেৰে পূৰ্বেই কথা পতা পাৰ্টীৰ লগত গৈছিল দুই মহিলা।
কিন্তু তেঁওলোকক জালুকবাৰীৰ পৰা শৰাইঘাট দলং পাৰ হৈ আমিনগাঁৱৰ ঘন জংঘলত চোকা অস্ত্ৰ দেখুৱাই নগদ ৩ লাখ টকা কাঢ়ি নিয়াৰ লগতে তেওঁলোকৰ এটা ভিডিঅ’ বনাই এটা ম’বাইলো কাঢ়ি নি পুনৰ ISBTৰ সমীপথ থৈ যায়।
ইয়াৰ পিছতে, মহিলা দুগৰাকীয়ে গণেশগুৰিৰ এখন হোটেলত আশ্ৰয় লয় যদিও সোমবাৰে পুৱা অন্য দুজন লোক আহি এই ঘটনা সংঘটিত কৰা লোক কেইজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দি মহিলা দুগৰাকীৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু আন এটা ম’বাইল ফোনো লৈ উধাও হয়।
উল্লেখ্য যে, ৪ লাখ টকাত পুৰণি i10 বাহন ক্ৰয় কৰিবলৈ আহি নগদ ৩ লাখ টকা দিয়াৰ উদ্দেশ্যৰে আহিছিল মহিলা দুগৰাকী।









