ৰাজ্যত অৱসান হ’ব মৌজাদাৰী ব্যৱস্থা, এতিয়াৰ পৰা অনলাইনযোগে আদায় দিব লাগিব মাটিৰ খাজনা…

ৰাজ্যত অৱসান হ’ব মৌজাদাৰী ব্যৱস্থা।

এতিয়াৰ পৰা অনলাইনযোগে আদায় দিব লাগিব মাটিৰ খাজনা।

এতিয়াৰে পৰা ৰাজ্যবাসীয়ে নিজৰ মাটিৰ খাজনা মৌজাদাৰক দিয়াৰ পৰিবৰ্তে অনলাইনযোগে আদায় দিব লাগিব। তদুপৰি অহা বছৰৰ ৩১ মাৰ্চৰ পূৰ্বে ৰাজ্যত বন্ধ হ’ব সাধাৰণ দলিলৰ ব্যৱস্থা।

সাধাৰণ দলিল (মেনুৱেল ষ্টাম্প)ৰ পৰিবৰ্তে ৰাজ্যত হ’ব ই ষ্টাম্পিঙ’ৰ ব্যৱস্থা। লগতে মাটিৰ বিক্ৰীৰ ক্ষেত্ৰত ‘মেনুৱেল পাৰ্মিচন’ৰ ব্যৱস্থাৰো বিলুপ্তি কৰিব চৰকাৰে।

শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ২.০ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই।

মিছন বসুন্ধৰাৰ লগত সংগতি ৰাখিয়ে ৰাজ্য চৰকাৰে ভূমিৰ খাজনা সংগ্রহ, ভূমিৰ বিক্ৰী আদিৰ ক্ষেত্ৰত কেতবোৰ চিৰস্থায়ী, বহনক্ষম আৰু গুৰুত্বপূৰ্ণ সংস্কাৰ আনিব খুজিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- ‘মাটিৰ খাজনা সংগ্ৰহৰ ক্ষেত্ৰত আমি মৌজাদাৰৰ ভূমিকা নোহোৱা কৰিব খুজিছো। আমি মৌজাদাৰসকলক বেলেগ কাম দিম। খাজনাৰ এটা ‘কমিছন’ আমি তেওঁলোকক দি থাকিম। কিন্তু মানুহে খাজনা অনলাইনযোগে আদায় দিব।’

চৰকাৰৰ বাবে মূল ৰাজহ সংগ্ৰহৰ উৎস খাজনা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘আমি মাটিৰ বাবে আদায় দিবলগা কিস্তি নহয়, খাজনালৈ ঘূৰি যাম। এতিয়াৰ পৰা মৌজাদাৰে খাজনা সংগ্ৰহ কৰাটো বন্ধ হ’ব। অনলাইনযোগে খাজনা লোৱা আৰম্ভ কৰিম। কোনে কিমান খাজনা দিব আছে, সেই জাননীও যাব অনলাইনযোগে।’

ইফালে ৰাজ্যত সাধাৰণ দলিলৰ পৰিবৰ্তে মেনুৱেল ষ্টাম্পৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়- ‘বহু সময়ত মেনুৱেল ষ্টাম্প নথকা কাৰণে জনগণে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয়। গতিকে অহা ৩১ মাৰ্চৰ আগতে মেনুৱেল ষ্টাম্প বন্ধ হ’ব। ই ষ্টাম্পিং হ’ব। এতিয়া যিখিনি মেনুৱেল ষ্টাম্প আছে, সেয়া অহা ৩১ মাৰ্চলৈ চলিব।’

তদুপৰি চৰকাৰে এতিয়াৰ পৰা মাটিৰ মেনুৱেল ছেল পার্মিছন কাকো নিদিয়ে বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মাটিৰ বিক্ৰীৰ বাবে প্ৰয়োজনীয় আপত্তিবিহীন প্রমাণপত্ৰৰ বাবে সকলোৱে প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব। এনে আবেদনৰ ভিত্তিত উপ-পঞ্জীয়কে সম্পত্তিৰ পঞ্জীয়ন কৰিব। তাৰ পিচত চক্ৰ বিষয়াই মিউটেচন প্ৰস্তাৱ পোৱাৰ লগে লগে সাত দিনৰ বাবে অপেক্ষা কৰিব আৰু যদি কোনো আপত্তি নাথাকে স্বয়ংক্রিয় মিউটেচনৰ বুটাম টিপি দিব পাৰিব। একেটা কামৰ বাবে জনগণে বাৰে বাৰে কাৰ্যালয়লৈ অহাৰ ব্যৱস্থাটোৰ বিলুপ্তি কৰাৰ বাবেই এনে সংস্কাৰ সাধন কৰিব বিচৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়।