প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱাৰ মাত্ৰ দুসপ্তাহ পিছতে ডাইনামাইটেৰে উৰুৱাই দিয়া হ’ল এখন ৰে’লৱে দলং! তীব্ৰ চাঞ্চল্য…

নিউজ ডেস্কঃ ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এখন ৰে’লৱে দলঙত শনিবাৰে নিশা সংঘটিত বিস্ফোৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই বিস্ফোৰণৰ ঘটনাক লৈ ৰাজস্থান আৰক্ষী আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণৰ আঁৰত কোনো সন্ত্ৰাসবাদী দল জড়িত থকাৰো সন্দেহ কৰা হৈছে।

খবৰ অনুসৰি, উদয়পুৰ-আহমেদাবাদ ৰে’লপথত ব্ৰড গেজ লাইনত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত ৰে’লৰ চলাচল বন্ধ হৈ পৰে।

image 94
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱাৰ মাত্ৰ দুসপ্তাহ পিছতে ডাইনামাইটেৰে উৰুৱাই দিয়া হ’ল এখন ৰে’লৱে দলং! তীব্ৰ চাঞ্চল্য… 3

শনিবাৰে নিশা স্লাম্বাৰ-মেঘা ঘাইপথৰ ওদা ৰেল দলঙৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত ৰেলপথৰ ক্ষতিসাধন হয়।

অঞ্চলটোৰ স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, নিশাৰ সময়ত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল। তাৰ পিছতে স্থানীয় ৰাইজে ৰে’লৱে, আৰক্ষী আৰু স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰে।

এই কাণ্ডৰ পিছতে এণ্টি টেৰ’ৰিষ্ট স্কোয়াড (এ টি এছ), স্থানীয় আৰক্ষী, আৰু এফ এছ এলৰ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

image 95
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱাৰ মাত্ৰ দুসপ্তাহ পিছতে ডাইনামাইটেৰে উৰুৱাই দিয়া হ’ল এখন ৰে’লৱে দলং! তীব্ৰ চাঞ্চল্য… 4

খবৰ অনুসৰি, তিনি কিলোগ্ৰাম ডাইনামাইট ব্যৱহাৰ কৰি ৰেলপথ উৰুৱাই দিয়া হয়।

শনিবাৰে সন্ধিয়া ৭:৩০ বজাত আহমেদাবাদ অভিমুখী এখন ৰে’ল এলেকা এৰি যোৱাৰ মাত্ৰ দুঘণ্টাৰ পিছতে সংঘটিত হয় এই বিস্ফোৰণ।

ৰাজ্যিক আৰু কেন্দ্ৰীয় সংস্থাসমূহে বিষয়টোৰ তদন্ত অব্যাহত ৰখাৰ বিপৰীতে মুখ্যমন্ত্ৰী অশোক গেহলটে ডিজিপিক তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যৰ এ টি এছ, এন আই এ, আৰু আৰ পি এফৰ দলসমূহে বিস্ফোৰণস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে, মাত্ৰ দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন ব্ৰড গেজ ট্ৰেকটো উদ্বোধন কৰিছিল।

ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনিয়াই এই ঘটনাক চোৰাংচোৱাৰ ব্যৰ্থতা আখ্যা দি মুখ্যমন্ত্ৰী অশোক গেহলটক জবাবদিহি কৰা উচিত বুলি মন্তব্য কৰে।