গুৱাহাটীত বলিউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী…

গুৱাহাটীত উপস্থিত বলিউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী।

মুম্বাইৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত অভিনেত্ৰীগৰাকী।

নলবাৰী ৰাস মহোৎসৱত অংশ লোৱাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয় হেমা মালিনী।

বৰঝাৰৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিছন ব্লুত উপস্থিত হেমা মালিনী।

ৰেডিছন ব্লুত কিছু সময় জিৰণি লৈ যাব নলবাৰী ৰাসলৈ।

মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰাৰ ইচ্ছাও প্ৰকাশ কৰে বলীউদৰ অভিনেত্ৰীগৰাকীয়ে।

এদিনীয়া কাৰ্যসূচীৰে অভিনেত্ৰীগৰাকী আহিছে অসমলৈ।

হেমা মালিনীক সংগ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই।