এক শোকাৱহ পথ দুৰ্ঘটনা।
স চাবলৈ গৈ দুৰ্ঘটনাত পতিত এটা পৰিয়াল, এগৰাকী যুৱতীৰ মৃত্যু।
দুৰ্ঘটনাৰ ফলত শিল্পাশ্ৰী দাস নামৰ যুৱতীগৰাকী নিহত হয়।
আনহাতে গুৰুতৰভাৱে আহত হয় আন ৬গৰাকীকৈ লোক।
ই-ৰিক্সাৰে দুধনৈৰ ৰাস মহোৎসৱ চাবলৈ গৈ থকা সময়তে দুধনৈৰ ডাবেলিত সংঘটিত হয় দুৰ্ঘটনাটো।
তীব্ৰবেগী বাহনৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ই-ৰিক্সাখন।
আহত পূৰ্ণ চন্দ্ৰ দাস, বিকাশ দাস, দীপান্বিতা দাস, ললিতা ভৌমিক আৰু ই-ৰিক্সা চালক প্ৰণৱজ্যোতি ৰাভা।









