শোকাৱহ! ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত এটা পৰিয়াল, এগৰাকী যুৱতীৰ কৰুণ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

স চাবলৈ গৈ দুৰ্ঘটনাত পতিত এটা পৰিয়াল, এগৰাকী যুৱতীৰ মৃত্যু।

দুৰ্ঘটনাৰ ফলত শিল্পাশ্ৰী দাস নামৰ যুৱতীগৰাকী নিহত হয়।

আনহাতে গুৰুতৰভাৱে আহত হয় আন ৬গৰাকীকৈ লোক।

ই-ৰিক্সাৰে দুধনৈৰ ৰাস মহোৎসৱ চাবলৈ গৈ থকা সময়তে দুধনৈৰ ডাবেলিত সংঘটিত হয় দুৰ্ঘটনাটো।

তীব্ৰবেগী বাহনৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ই-ৰিক্সাখন।

আহত পূৰ্ণ চন্দ্ৰ দাস, বিকাশ দাস, দীপান্বিতা দাস, ললিতা ভৌমিক আৰু ই-ৰিক্সা চালক প্ৰণৱজ্যোতি ৰাভা।