আজি নলবাৰী ৰাসলৈ আহিব বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী, আদৰিবলৈ সাজু বিশেষ ভিণ্টেজ বাহন…

আজি নলবাৰী ৰাসলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ড্ৰীম গাৰ্ল হেমা মালিনী।

নলবাৰীৰ ৰাস মহোৎসৱত অংশ ল’বলৈ আহিবলগীয়া বলীউডৰ ড্ৰীম গাৰ্লক আদৰিবলৈ সাজু ৰাস পৰিচালনা সমিতি।

বিশাল ৰেলীৰে অভিনেত্ৰীগৰাকীক আদৰিবলৈ সাজু কৰা হৈছে বিশেষ পুষ্পসজ্জিত ভিণ্টেজ বাহন।

গণেশ মন্দিৰ চ’কৰ পৰা হৰিমন্দিৰলৈ বাহনখনৰে আদৰি নিয়া হ’ব অভিনেত্ৰীগৰাকীক।

নিশা কলাক্ষেত্ৰৰ উদ্যোগত আয়োজিত ৰাসলীলাৰো শুভ উদ্বোধন কৰিব অভিনেত্ৰীগৰাকীয়ে।

প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা এবাৰ চাবলৈ উৎসুকতা দেখা গৈছে নলবাৰীবাসী ৰাইজৰ মাজত।