অসম

অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ, মাজুলীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ আজি এমাহ সম্পূৰ্ণ হ’ল।

সেই উপলক্ষে মাজুলীবাসীয়ে নিহতসকলৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে।

মাজুলীৰ সকলো জাতীয় সংগঠনৰ উদ্যোগত যোৱা ৮ ছেপ্টেম্বৰত নাও দুৰ্ঘটনাত সলিল সমাধি ঘটা পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰা আৰু বিক্ৰমজিৎ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

গড়মূৰ মাধৱদেৱ কৃষ্ট কেন্দ্ৰ, খোনাচুকত অনুষ্ঠিত ‘ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান’ত মাজুলীৰ সকলো জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তিনিওজন মৃতকৰ আত্মাৰ সদগতি কামনাৰে নাম প্ৰসংগৰ অনুষ্ঠানো আয়োজন কৰিছে।

পুৱা বৃক্ষৰোপন, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নাম প্ৰংসগৰ লগতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *