‘মানিকে মাগে হিঠে’ গানত বিহু নৃত্য, বিগ বজাৰত তলা ওলমালে আছুৱে

নিউজ ডেস্ক। যোৰহাটৰ বিগ বজাৰত তামিল গীতত অসমীয়া বিহুক ভিউজন কৰি বিহু নৃত্য কৰা কাৰ্যক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

সাংস্কৃতিক ৰাজধানী যোৰহাটত এটি প্ৰতিষ্ঠানে বিহুক চৰম অপমাণ কৰাত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

বৃগহস্পতিবাৰে বিগ বজাৰ নামৰ প্ৰতিষ্ঠানটোত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মানিকে মাগে হিঠে নামৰ গীতটোত অসমীয়া বাপতি সাহােন বিহুক ভিউজন কৰি বিহু নৃত্য কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে যােৰহাট জিলা আছুৰ কৰ্মীবৃন্দ।

ইপিনে, যােৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ কৰ্মীবৃন্দই বিগ বজাৰৰ সন্মুখত এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে বিগ বজাৰৰ মূল প্ৰৱেশ দ্বাৰত তলা ওলমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু তথা অসম সেনাৰ কৰ্মীবৃন্দই।

photo-2021-10-08-15-08-36

সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি বিজয়শংকৰ বৰদলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসমীয়াৰ বাপোতি সাহােন বিহুক কোনোবা বহুজাতিক কোম্পানীয়ে বিজ্ঞাপনৰ নামত বিকৃতকৰণ কাৰ্যক ধিক্কাৰ জনোৱাৰ লগতে এনে কাৰ্য পুনৰবাৰ নকৰিবলৈ ছাত্ৰ সন্থাই সকীয়াই দিয়ে।

Leave a Comment