ভয়ংকৰ দুৰ্ঘটনা! বিয়া খাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আঢ়ৈ বছৰীয়া কন্যাসহ মাতৃয়ে…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বিয়া খাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ডেৰ বছৰীয়া কন্যাসহ এগৰাকী মাতৃয়ে।

চৰাইদেউ সাপেখাতীৰ ঐতিহাসিক ধোদৰআলিৰ ধনেখনাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, দুলিয়াজান টিপলিঙৰ পৰা AS 06 ,AB- 5212 নম্বৰৰ এখন হোণ্ডাই গ্ৰেণ্ড আই ১০ গাড়ীৰে সাপেখাতীত বিয়া খাবলৈ গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ প্ৰকাণ্ড গছত খুন্দা মৰে৷

দুৰ্ঘটনাটোৰ ফলত আঢ়ৈ বছৰীয়া কন্যা বেদস্মীতা সোণোৱাল সহ মাতৃ ভাগ্যলক্ষ্মী সোণোৱাল (২৩) ঠাইতে নিহত হয়।

দুৰ্ঘটনাৰ সময়ত বাহন খনত থকা আন তিনিগৰাকী আৰোহী বিদ্যাধৰ সোণোৱাল, চিণ্টু ধাদুমীয়া আৰু পৰীনিতা ধাদুমীয়া গুৰুতৰভাৱে আহত হয়।

আহত তিনিওকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়।

দুলিয়াজানৰ পৰা সাপেখাতীৰ এখন বিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

Leave a Comment