দুঃখবৰ! বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই…

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই।

পুৱা ৮.৩০ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ পুলক গগৈৰ ।

দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী গৰাকী।

image 87
দুঃখবৰ! বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই... 3

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে।

উল্লেখ্য যে, ১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰা পুলক গগৈয়ে পৰৱৰ্তী সময়ত চিত্ৰশিল্পৰ শিক্ষা লাভ কৰিছিল মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টছৰ পৰা।

কেৱল কেনভাছতেই নহয় বৰং বোলছবি জগততো পৰিচালনাৰ যোগেদি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে।

image 86
দুঃখবৰ! বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ আৰু নাই... 4

অসমীয়া বোলছবি খোজ, সেন্দুৰ, ৰে’লৰ আলি দূবৰি বন, মৰম নদীৰ গাভৰু ঘাট আদিৰ পৰিচালনাৰে ৰজত কমল বঁটাও লাভ কৰিছিল পুলক গগৈয়ে।

পুলক গগৈ পৰিচালিত প্ৰত্যেক খন বোলছবিয়েই যেন এক অনন্য মাত্ৰা প্ৰদান কৰিছিল অসমীয়া চলচিত্ৰ জগতক।