পুনৰ অশান্ত বিটিআৰ! দুৰ্বৃত্তৰ গুলীত নিহত এগৰাকী মহিলা…

পুনৰ অশান্ত বিটিআৰ!

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত এন কে কাহিতামাত গুলীচালনাৰ ঘটনা।

বাইকেৰে অহা দুৰ্বৃত্তৰ গুলীত নিহত হয় এগৰাকী ষাঠিৰোৰ্ধৰ মহিলা।

গুলীচালনাত নিহত মহিলাগৰাকীৰ নাম অন্থৰ বড়ো।

এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া।

মহিলাগৰাকীক কি কাৰণত হত্যা কৰা হ’ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে, অন্ধকাৰৰ মাজতে মহিলাগৰাকীলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বৃত্ত।

উল্লেখ্য যে নিহত বৃদ্ধাগৰাকীৰ ঘৰ বাক্সা জিলাৰ ছামঠাইবাৰীত।

হাকোৱা নদীৰ খহনীয়াত সৰ্বস্ব হেৰুৱাই চিৰাঙৰ উক্ত গাঁওখনত অস্থায়ীভাৱে থাকিবলৈ লৈছিল মহিলাগৰাকীয়ে।

ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।