শোকাবহ! দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত এজন, আহত ৪ জন…

নিউজ ডেস্কঃ ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তৰ্গত বেতনিৰ চাৰিআলিত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ৪ জন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত মৰাণৰ দিশৰ পৰা আহি থকা ডব্লিউবি ১৫বি ৯৭৯১ নম্বৰৰ এখন পাঞ্জাৱ বডীৰ ট্ৰাকে বিপৰীত দিশৰ পৰা অহা এনএল ০১ডি ৪৮০২ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত আহত ৪ জনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।