শোকাবহ! কোম্পানীৰ কামৰ পৰা নিশা ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহী যুৱকৰ

নিউজ ডেস্কঃ কোম্পানীৰ কামৰ ছুটিৰ পিছত নিশা ঘৰলৈ ওভতাৰ পথতে শোণিতপুৰৰ ৰঙাপাৰাত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হ’ল বাইক আৰোহী এজন যুৱক।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

ইফালে এই দুৰ্ঘটনাত আন যুৱকো গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ডাবৰ কোম্পানীত কৰ্মৰত শান্তিয়াছ হৰ আৰু ইচাক চাব্বৰ নামৰ যুৱক দুজনে এএছ ১২এএফ ১৮৫৮ নম্বৰৰ বাইকেৰে ঘৰলৈ আহি থকাৰ সময়তে ৰঙাপাৰাৰ নৱনিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰত বিপৰীত দিশৰ পৰা অহা এছ ১২এএফ ৬৫১১ নম্বৰৰ এখন চাৰিচকীয়া বাহনে দুয়োকে খুন্দা মাৰে।

photo1667731513
শোকাবহ! কোম্পানীৰ কামৰ পৰা নিশা ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু বাইক আৰোহী যুৱকৰ 2

এই দুৰ্ঘটনাৰ ফলত উৰণীয়া সেঁতুৰ পৰা উফৰি তলত বাগৰি পৰে শান্তিয়াচ হৰ।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱক দুজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও শান্তিয়াচ হৰক চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে চাৰিচকীয়া বাহনখনৰ চালকক আটক কৰাৰ লগতে দুয়োখন বাহন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।