নিউজ ডেস্কঃ আগ্ৰাৰ এটমাদপুৰ অঞ্চলৰ ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু ঘটাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, কুবেৰপুৰৰ সমীপৱৰ্তী ঘাইপথত উত্তম কল্ডৰ সন্মুখত এখন ৰোডৱেজ বাছ আৰু টেংকাৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনা।
এই দুৰ্ঘটনাত ৰোডৱেজৰ এজন কৰ্মচাৰীকে ধৰি দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে ১২ জন যাত্ৰী আহত হয়। আহতসকলক এছ এন মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দুৰ্ঘটনাৰ সময়ত কানপুৰৰ পৰা মথুৰালৈ গৈ আছিল আগ্ৰা ফ’ৰ্ট ডিপোৰ ৰোডৱেজ বাছখন।
প্ৰায় ৩৫ জন যাত্ৰীক কঢ়িয়াই নিয়া বাছখনে কুবেৰপুৰৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে সেই স্থানত উপস্থিত হয়। বাছখনৰ পৰা আহতসকলক উলিয়াই অনাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক এছ এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এটমাদপুৰৰ চি অ’ ৰবি কুমাৰ গুপ্তাই জনোৱা মতে, এই দুৰ্ঘটনাত দুজন যাত্ৰীৰ মৃত্যু হয়। ইয়াৰে এজন ৰোডৱেজৰ কৰ্মচাৰী। দ্বিতীয়জন হৈছে যাত্ৰী।
যাত্ৰী সৌৰভ যাদৱে ইটাৱাৰ পৰা বাছত নয়ডালৈ যোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে চালকজনে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।









