ভূপেন বৰালৈ ১ কোটি টকাৰ পুৰস্কাৰ বদৰুদ্দিন আজমলৰ! কিন্তু কেতিয়া আৰু কিয় এই পুৰস্কাৰ পাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে…

নিউজ ডেস্কঃ প্ৰদেশ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত অব্যাহত আছে সাপ নেউলৰ কাজিয়া।

কেতিয়াবা যদি আজমল বাহিনীৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ, আন কেতিয়াবা আকৌ কংগ্ৰেছক উভতি ধৰিছে এআইইউডিএফে।

ৰাজ্যৰ এই দুই বিৰোধী দলৰ মাজৰ সংঘাতে স্বাভাৱিকতে আমোদ দি আহিছে ৰাজনীতিৰ খবৰ ৰখা সকলক।

শেহতীয়াকৈ বিজেপিৰ আশীৰ্বাদ লাভ কৰি বদৰুদ্দিন আজমলে বিমান বন্দৰৰ ভিতৰত দোকান চলাই থকাৰ অভিযোগ তুলিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

আৰু তাৰ পিছতে ভূপেন বৰাক উভতি ধৰিলে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে।

বিমান বন্দৰৰ ভিতৰত আজমলৰ এখন দোকানো যদি দেখুৱাই দিব পাৰে, তেন্তে ভূপেন বৰাক ১ কোটি টকাৰ পুৰস্কাৰ দিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।

কংগ্ৰেছৰ হাতত আন কোনো ইছ্যু নাই বাবেই এইবোৰ কথা ক’বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে আজমলে।