মৰ্মান্তিক! হাস্পতালত চিকিৎসাধীন আত্মীয়ৰ খবৰ লৈ ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসাধীন আত্মীয়ক সাক্ষাৎ কৰি ওভতাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৫ জনকৈ লোকে।

বুধবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ মৰেনাৰ নূৰাবাদ থানা ক্ষেত্ৰত।

জানিব পৰা মতে, মৰেনাৰ টিকটলি গাঁৱৰ নিৱাসী পৰিয়ালটোৱে গোৱালিৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা এজন আত্মীয়ৰ খবৰ ল’বলৈ গৈছিল।

image 27
মৰ্মান্তিক! হাস্পতালত চিকিৎসাধীন আত্মীয়ৰ খবৰ লৈ ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ জনৰ মৃত্যু 2

পৰিয়ালটোৱে হাস্পতালৰ পৰা উভতি অহাৰ সময়তে নূৰাবাদ থানা ক্ষেত্ৰৰ ঘূৰাইয়া হোটেলৰ সমীপৰত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকৰ বলেৰ’ বাহনখনত এখন ডাম্পাৰে খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বলেৰ’ বাহনখনত আছিল ৮ জন লোক।

এই ভয়ংকৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত সকলক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৫ জনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।

আনহাতে আহত সকলক বৰ্তমান চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।